APART-Assam Agribusiness and Rural Transformation Project


                   পশুপালন বাৰ্তা : 'ক্ষমতা'

✅ অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (APART-Assam Agribusiness and Rural Transformation Project)ই অসমৰ কৃষি উদ্যোগী সকলক আগুৱাই নিবৰ বাবে “ক্ষমতা” শীৰ্ষক এখনি আঁচনি প্ৰস্তুত কৰি উলিয়াইছে  | এই উদ্দ্যেশ্যে  অনলাইন / অফলাইন মাধ্যমেৰে প্ৰথম বৰ্ষত  কামৰূপ, কাছাৰ, শোণিতপুৰ, গোৱালপাৰা, গোলাঘাট আৰু যোৰহাট জিলাৰ কৃষি উদ্যোগী সকলক পঞ্জীয়নৰ বাবে আহ্বান জনোৱা হৈছে | 

✅ পঞ্জীয়নৰ বাবে যোগ্যতা আৰু অৰ্হতা : নতুন কৃষি উদ্যোগ : যিসকলে পঞ্জীয়নৰ বাবে আগবাঢ়িব পাৰে :-
✴ যিসকল কৃষি উদ্যোগীৰ কৃষি আৰু সংলগ্ন খণ্ড/খাদ্য  সংৰক্ষণ খণ্ডৰ বিষয়ে সম্যক জ্ঞান আছে আৰু তেওঁলোকে এই কৃষি উদ্যোগ  প্ৰতিস্থাৰ বাবে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিছে,
✴ যিসকল কৃষি উদ্যোগীৰ ব্যৱসায়ৰ প্ৰসাৰ/পৰিসৰ বৃদ্ধিৰ বাবে নতুন ব্যৱসায়িক পৰিকল্পনা আছে,
✴ যিসকল কৃষি উদ্যোগীৰ কৃষি আৰু সংলগ্ন খণ্ডৰ বিষয়ে বৃত্তিগত অভিজ্ঞতা, শিক্ষাগত অৰ্হতা আৰু কাৰিকৰী যোগ্যতা আছে,
✴ যিসকল কৃষি উদ্যোগীৰ সক্ৰিয় বেংকৰ একাউণ্ট আছে । এইসকল কৃষক পশুপালকক এই আঁচনিৰ বাবে অগ্ৰাধিকাৰ দিয়া হব |

✅ এই আঁচনিৰ দ্বাৰা কৃষি উদ্যোগী সকলক তলত দিয়া সা-সুবিধা সমূহ প্ৰ্দান কৰা হ'ব : 
👉🏾  উদ্যোগীসকলৰ উত্তৰোত্তৰ উন্নয়নৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা |
👉🏾 উপযুক্ত পূঁজি বিনিয়োগৰ বাবে উপযোগী  কৰ্মশালাৰ  ব্যৱস্থা |
👉🏾 এই খণ্ডৰ বিশেষজ্ঞ সকলৰ লগত সংযোগ স্থাপনৰ  ব্যৱস্থা ।
👉🏾 বিভিন্ন উৎপাদিত কৃষিজাঁত/অন্যান্য সামগ্ৰীসমূহৰ বৈচিত্ৰ্য আৰু উন্নতকৰনৰ  বাবে সাহায্য প্ৰদান |
👉🏾 বজাৰৰ লগত সংযোগ স্থাপন |
👉🏾 বিত্তীয় ব্যৱস্থাৰ লগত সংযোগ স্থাপন আৰু ঋণৰ ব্যৱস্থা |
👉🏾 উদ্যোগ স্থাপন কৰাৰ বাবে আৰু ব্যৱসায় পৰিসৰ বৃদ্ধিৰ বাবে সাহায্য |

✅ অধিক তথ্যৰ বাবে যোগাযোগ কৰক :  kshyamata@arias.in 
ফোন নং: +৯১-৯৭০৬৪৬৬৯৬২/৯৫০৮০৫৭৬০২

✅ পঞ্জীয়নৰ প্ৰপত্ৰ : নতুন ব্যৱসায়ৰ বিতং বৰ্ণনা :
ই-মেইল: ...................................
( নতুন ব্যৱসায়/ উদ্যোগৰ  পঞ্জীয়নকাৰী সকলে সকলো তথ্য পঞ্জীয়নৰ বাবে ভৰ্তি কৰিব লাগিব ) 
১.১.পঞ্জীয়নকাৰীৰনাম :....................................................................................................
১.২. লিংগ :পুৰুষ/মহিলা/অন্য
১.৩. জন্মৰ তাৰিখ : ..........
 ১.৪.  যোগাযোগৰ ঠিকনা : .........................১.৫. আবেদনকাৰীৰ সৰ্ব্বোচ্চ  শিক্ষাগত অৰ্হতা (উল্লেখ কৰক) :
➡️ দশম শ্ৰেণী উত্তীৰ্ণ (মেট্ৰিক/ উচ্চ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ )
➡️ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ( উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ)
➡️ স্নাতক
➡️ স্নাতকোত্তৰ
➡️অন্যান্য
১.৬. আপোনাৰ বৰ্তমানৰ সংস্থাপন : 
o অস্থায়ী  সংস্থাপন
o স্থায়ী  সংস্থাপন
o উদ্যোগী
o সংস্থাপনহীন
o অন্যান্য

১.৭.  জিলাৰ নাম
o কামৰূপ
o শোণিতপুৰ
o কাছাৰ
o গোৱালপাৰা
o গোলাঘাট
o যোৰহাট
o অন্যান্য ….................
 ১.৮. তলৰ কোনশাৰী বাক্যই আপোনাৰ উদ্যোগটিক বৰ্ণনা কৰে :
• উদ্যোগটি এই মূহুৰ্ত্ততত মাথো এটি ধাৰণা |
• মই  উদ্যোগটিৰ  উৎপাদিত সামগ্ৰীসমূহ পৰীক্ষামূলক ভাৱে বজাৰলৈ নিছোঁ |
• মোৰ ব্যৱসায়ৰ আৰ্হিটো পৰীক্ষামূলক ভাৱে  সফল আৰু বজাৰলৈ নিয়াৰ বাবে  প্ৰস্তুত |
• মোৰ ব্যৱসায় প্ৰতিস্থিত  আৰু মই ইয়াৰ বাণিজ্যিক পৰিসৰ বৃদ্ধিৰ বাবে চেষ্টা কৰি আছোঁ |

১.৯. আপোনাৰ ব্যৱসায়ৰ ধাৰণা/উদ্যোগটি কোনটো খণ্ডত অন্তৰ্ভূক্ত হব ?
• কৃষি উৎপাদন , উত্তৰকালীন  কৃষি পৰিচালনা ব্যৱস্থাপনা, মূল্য সংযোজন / খাদ্য সংৰক্ষণ 
• সঠিক কাৰিকৰী কৃষি প্ৰযুক্তি ব্যৱস্থাৰ প্ৰয়োগ আৰু উৎভাৱন যিটো বাণিজ্যিক ভাৱে পৰিসৰ বৃদ্ধি/পুঁজি বিনিয়োগৰ বাবে প্ৰস্তুত (যেনে : জলসিঞ্চন ব্যৱস্থা, উন্নত কৃষি উৎপাদন আৰু কৃষিজাঁত/অন্যান্য সামগ্ৰীসমূহৰ মজুতকৰণ) 
• কৃষি সেৱা – পূঞ্জীভুতকৰণ/মজুতকৰণ, যোগান শৃংখল ব্যৱস্থাৰ পৰিচালনা  আৰু বিতৰণ ব্যৱস্থা , কৃষি কাৰ্য্যত নিয়োজিত সা-সামগ্ৰী (যেনে বীজ, সাৰ, কীটনাশক  দ্ৰৱ্য ইত্যাদি), তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱস্থাৰ (ICT) কৃষি / কৃষি বাণিজ্য খণ্ডত প্ৰয়োগ  |
•  তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱস্থাৰ (ICT) কৃষি/কৃষি বাণিজ্য খণ্ডত বিশেষ  প্ৰয়োগ
• কৃষি উদ্যোগীক সেৱা কেন্দ্ৰ (কৃষি চিকিৎসা কেন্দ্ৰ/ কৃষি বাণিজ্য কেন্দ্ৰ)ৰ যোগেদি সেৱা প্ৰদান য’ত কৃষি সা-সজুঁলি ধাৰ লৈ দিয়া সেৱা, কৃষি সা-সামগ্ৰী সমূহৰ মান নিৰ্ধাৰণ , পেকিং , ব্ৰেণ্ডিং আদি সেৱা প্ৰদান কৰা হয় |
• কৃষি উদ্যোগৰ সৈতে জড়িত অন্যান্য সেৱা |

১.১০. আপোনাৰ উদ্যোগটি  আইনসন্মত ভাৱে পঞ্জীকৰণ কৰা হৈছে নে ?
o হয়
o নহয়
১.১১. আপোনাৰ উদ্যোগটিৰ বিষয়ে দুষাৰ মান ব্যক্ত কৰক:--------------------
১.১২.  আপোনাৰ লগত তলত দিয়া কি কি নথি পত্ৰ উপলব্ধ আছে ?
o  উদ্যোগটিৰ যোৱা বিত্তীয়  বৰ্ষৰ বেলেন্স ছীট 
o  পঞ্জীকৰণৰ প্ৰমাণপত্ৰ 
o  পেন নং (ব্যক্তিগত/যুটীয়া)
o  কোম্পানীৰ পেন নং (PAN No) 
o  কোম্পানীৰ আধাৰ নং
o  ব্যৱসায়ৰ পৰিকল্পনা আঁচনি
o  অন্যান্য

✅ আপোনাৰ ব্যৱসায়ৰ সকলো নথি-পত্ৰ “আপলোদ’’ কৰক
(আপলোদ  only doc. , pdf or jpeg form)

✅ ঘোষণা : ইয়াত প্ৰদান কৰা সকলো তথ্য গোপনীয় ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব | 

মই “ক্ষমতা” আঁচনিৰ অধীনত অন্তৰ্ভূক্তিৰ দ্বাৰা সজ্ঞানে সুস্থিৰে ঘোষণা কৰোঁ যে –
১। মই মোৰ ব্যৱসায়টো সম্পূৰ্ণ মালিকীস্বত্বৰে প্ৰতিনিধিত্ব কৰিছো |
২| মই প্ৰকল্পৰ পৰা কোনো সময়তে কোনো ধৰণৰ বিত্তীয় সাহায্যৰ বাবে দাবী জনাব নোৱাৰিম |
৩| মই আৱশ্যকীয় সকলো নথি পত্ৰ সময়মতে যোগান ধৰিম আৰু প্ৰকল্প কাৰ্যকৰী দলৰ লগত সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিম।
৪| প্ৰকল্পই আবেদন পত্ৰ সমূহৰ সঠিক নিৰ্বাচনৰ বাবে অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব | প্ৰকল্পই গ্ৰহণ কৰা সিদ্ধান্তই নিৰ্ণায়ক হব আৰু মই সেই সিদ্ধান্তৰ বিপৰীতে কোনোধৰণৰ আপত্তি দৰ্শাব বা দাবী জনাব নোৱাৰিম | 
৫) মই ইয়াত সদৰি কৰা সকলো তথ্য শুদ্ধ বুলি সজ্ঞানে সুস্থিৰে ঘোষণা কৰিছোঁ | 



Bhargab Sarmah

Simple living, High thinking Expansion of idea

Post a Comment

Previous Post Next Post